Show/Hide Keyboard Layout

অ’ মোৰ ধৰিত্ৰী আই

- ভূপেন হাজৰিকা

অ’ মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই,

খেতিয়কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা দয়াশীলা আই

দয়া কৰা দয়াশীলা আই ।

 

ৰ’দ বৰষুণ কাতি কৰি,

ঘাম পেলাই চহ কৰি,

তোমাৰ বুকুত সোণ চপাওঁ,

আনে নিয়ে কাঢ়ি,

 

ধৰিত্ৰী আই মোৰ

আমাক তুমি নেৰিবা,

তোমাৰ চেনেহ বিনে আই

আমি নিৰুপায় ।

 

মাটিকে সাৱটি ধৰি

মাটিকে সাৰথি কৰি

মাটিৰ বুকুত শোণিত ঢালোঁ

জিৰণি পাহৰি

জিৰণি পাহৰি ।

 

ধৰিত্ৰী আই মোৰ

আমাক তুমি নেৰিবা,

তোমাৰ চেনেহ বিনে আই

আমি নিৰুপায় ।

 

মই হ’লো মাউৰা ল’ৰা

মোৰ আই নাই

কাবৌ কৰোঁ ধৰিত্ৰী মোৰ

তুমি হ’বা আই ।

 

মাটি আৰু খেতিয়কৰ

সম্বন্ধ আছে যুগ-যুগৰ

কৃষক মাটিৰ মিলনত

দিয়ে অন্তৰায়,

দিয়ে অন্তৰায় ।

 

হে মোৰ ধৰিত্ৰী আই

চৰণতে দিবা ঠাই,

খেতিয়্কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা দয়াশীলা আই

দয়া কৰা দয়াশীলা আই ।।

Hits: 1864